নগাঁও জিলাৰ কঠিয়াতলী পশ্চিম নামবৰ হাবিগাঁৱত উত্তেজনাঃ বিজেপি দলৰ নেতা ইন্দ্ৰ বৰদলৈৰ বিৰুদ্ধে মহিলাৰ লগত অবৈধ সম্পৰ্ক থকাৰ অভিযোগ

 05/12/2021 - 17:55

 

কামপুৰঃ নগাঁও জিলাৰ কঠিয়াতলী পশ্চিম নামবৰ হাবিগাঁৱত উত্তেজনা। বিজেপি দলৰ নেতা তথা তিৱা স্বায়ত্ব পৰিষদৰ ৩০ নং নামবৰ লালুংগাঁও স্বায়ত্বপৰিষদ সমষ্টিৰ সদস্য ইন্দ্ৰ বৰদলৈৰ বিৰুদ্ধে মহিলাৰ লগত অবৈধ সম্পৰ্ক থকাৰ অভিযোগ। একাংশ মহিলাই ঘেৰাও কৰে ইন্দ্ৰ বৰদলৈৰ ঘৰ। স্থানীয় মহিলাৰ লগত হতাহতিত লিপ্ত হয় ইন্দ্ৰ বৰদলৈৰ মাতৃ। অভিযোগ মতে মঙলবাৰৰ নিশা এগৰাকী মহিলাৰ লগত অসংযত অৱস্থাত প্ৰত্যক্ষ কৰিছিল তেওঁৰ স্বামীয়ে। আজি পুৱাই গাঁওখনত স্থানীয়লোকে এখন ৰাইজ মেল অনুষ্ঠিত কৰিছিল যদিও বৰদলৈয়ে পলায়ন কৰে। ইফালে এই ঘটনাৰ পিছতে ঘৰৰ পৰা পলায়ন কৰে মহিলা গৰাকীয়ে। ইতেমধ্যে মহিলা গৰাকীৰ স্বামী পিণ্টু ৰাম বৰদলৈয়ে কঠিয়াতলী আৰক্ষী পহৰা চকীত এক গোচৰ তৰিছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।