ডিগবৈ টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণত নিহতৰ পৰিয়ালক ৫ লাখকৈ টকাৰ চেক প্ৰদান ৰাজ্য চৰকাৰৰ

 05/16/2021 - 18:02

 

ডুমডুমাঃ ডিগবৈ টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণত নিহতৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ ৫ লাখকৈ টকাৰ চেক প্ৰদান৷ বিস্ফোৰণত নিহত সঞ্জীৱ সিং আৰু সুৰজিৎ তালুকদাৰৰ ঘৰত উপস্থিত হৈ পৰিয়ালক চেক প্ৰদান৷ চেক প্ৰদান কৰে মাননীয় ৰামেশ্বৰ তেলী ডাঙৰীয়া, মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া আৰু ডিগবৈ বিধান সভা সমষ্টিৰ বিধায়ক মাননীয় সুৰেন ফুকন ডাঙৰীয়াই৷ উল্লেখযোগ্য যে, 15 মে' তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৃতকৰ ঘৰত উপস্থিত হৈ ক্ষতিপূৰণ ঘোষণা কৰিছিল|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।