গ্ৰীন আছিয়ানা ৱেলফেয়াৰ চচাইটিৰ সঞ্চালক কিশোৰ হাজৰিকাৰ প্ৰশংসনীয় পদক্ষেপঃ বিহালীৰ বিভিন্ন চাহ-বাগিছাত শ্ৰমিকৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ

 05/19/2021 - 13:59

 

বিহালীঃ মহামাৰী ক’ৰণা ভাইৰাছৰ পৰা বাগিচাৰ শ্ৰমিকসকলক ৰক্ষা কৰাৰ বাবে বিভিন্ন সজাগতামূলক কাৰ্যসূচী৷ বাগিচাৰ শ্ৰমিকৰ মাজত গ্ৰহণ কৰে গ্ৰীন আছিয়ানা ৱেলফেয়াৰ চচাইটিয়ে। ৱেলফেয়াৰ চচাইটিৰ সঞ্চালক কিশোৰ হাজৰিকাই বাগিছাসমুহত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে আজিৰে পৰা বিহালীৰ বিভিন্ন চাহ বাগিছাত শ্ৰমিকৰ মাজত মাস্ক আৰু  চেনিটাইজাৰ বিতৰণ কৰে। গ্ৰীন আছিয়ানা ৱেলফেয়াৰ চচাইটিৰ উদ্যোগত আৰু বিহালী আটছাৰ সহযোগত গ্ৰহণ কৰা হয় এই পদক্ষেপ। সংস্থাটোৰ এনে সময়োপযোগী পদক্ষেপৰ শলাগ লৈছে আটছাৰ লগতে বাগিচাৰ শ্ৰমিকসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।