কচুৱাৰ আইনৰ এজন ছাত্ৰৰ মহানুভৱতাঃ ধুবুৰীৰ এজন ষাঠি বছৰীয়া লোকক প্লাজমা দান

 05/20/2021 - 12:19

 

 

কামপুৰঃ কাল ক'ৰনাত আক্ৰান্ত হৈ অতি সংকটজনক অৱস্থাত গুৱাহাটীৰ দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ থকা এজন লোকক প্লাজমা দান কৰিলে কচুৱাৰ আইনৰ ছাত্ৰ কিব্ৰীয়া আহমেদে। ধুবুৰীৰ বামুনীভিটাৰ গাঁৱৰ ষাঠি বছৰীয়া লোকজনৰ নাম আইনুল হক। লোকজনক অতি জৰুৰীভাৱে প্লাজমা প্ৰয়োজন হৈছিল। যাৰ কাৰনে কিব্ৰীয়াই অতি জৰুৰীভাৱে গৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্লাজমা দান কৰে। উল্লেখ্য যে যোৱা ২৩ এপিলত গুৱাহাটী মেডিকেল কলেজত ছাত্ৰজনৰ দেহত কভিড  পজিটিভ ধৰা পৰিছিল। গুৱাহাটীৰ মহেন্দ্ৰ মোহন চিকিৎসালয়ত ন দিন থাকি ২৮ এপিলত কভিডক জয় কৰি ঘৰলৈ ওভতিছিল কিব্ৰীয়াই।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।