তিনিবছৰে সম্পূৰ্ণ হৈ নুঠিল দক্ষিণ কামৰূপৰ গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰেক্ষাগৃহঃ নিৰ্মাণকাৰ্য আধৰুৱা কৰি উধাও ঠিকাদাৰ

 05/22/2021 - 13:12

 


দক্ষিণ কামৰূপঃ তিনিবছৰে সম্পূৰ্ণ হৈ নুঠিল দক্ষিণ কামৰূপৰ গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰেক্ষাগৃহ৷ একমাত্ৰ ঠিকাদাৰৰ চৰম গাফিলতিৰ বাবেই শামূকীয়া গতিৰে নিৰ্মান কৰা প্ৰেক্ষাগৃহখনৰ যিখিনি কাম হৈছে সেয়াও আজি জহি খহি যাবলৈ ধৰিছে৷ MSDP আচঁনিৰ দ্বাদশ পৰিকল্পনাৰ পুঁজিৰে আৱন্টিত ধনেৰে নিৰ্মান হবলগীয়া প্ৰেক্ষাগৃহখন ২০১৮ চনৰ ১ মে তাৰিখে যোৱাটো সৰ্বা চৰকাৰৰ মন্ত্ৰী অতুল বৰা আৰু প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী ডা: কমলা কলিতা ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰিছিল৷ একমাত্ৰ ঠিকাদাৰৰ চৰম গাফিলতিৰ বাবেই আজিও সম্পূৰ্ণ হৈ নুঠিল প্ৰেক্ষাগৃহখনৰ কাম৷ যাৰ বাবে প্ৰেক্ষাগৃহখনৰ কাম সম্পূৰ্ণ হৈ নুঠাত দক্ষিণ কামৰূপৰ গৰৈমাৰীবাসীয়ে বিভিন্ন সভা সমিতি, সাংস্কৃতিক কাৰ্যসূচী,  কৰ্মশালা, বিভিন্ন বিদ্যালয়ৰ দ্বাৰা ৰূপায়ণ কৰা কাৰ্যসূচী সমূহ আয়োজন কৰাৰ পৰা বঞ্চিত হৈ আছে৷ ইফালে প্ৰেক্ষাগৃহখনৰ নিৰ্মাণ কাৰ্য আধৰুৱা হৈ থকাত ঠিকাদাৰৰ প্ৰতি সৰৱ হৈ পৰিছে স্থানীয় দল-০সংগঠনে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।