জামুগুৰিহাটত বৰ্তমানলৈকে ক’ভিডত আক্ৰান্ত হৈ ৭ জন লোকৰ মৃত্যু

 05/24/2021 - 12:57

 

জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত এতিয়া ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ পিছতো একাংশ লোকৰ গাত কথাই লগায় নাই। জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা ললেও লোকসকল সচেতন নহয়। সেইবাবে এতিয়া জামুগুৰিহাটত দিনক দিনে ক’ভিডত মৃত্যু হোৱা দেখা গৈছে। ৰাইজ সচেতন হোৱাৰ লগতে সজাগ হবলৈ বিনম্ৰ অনুৰোধ জনায় শোণিতপুৰ জিলা প্ৰশাসনৰ হৈ নদুৱাৰ ৰাজহচক্ৰ বিষয়া ডা° আকাশদ্বিপ কাকতিয়ে। আজি অকাল মৃত্যুক সাৱটিবলগা হ'ল কৰ'ণা মহামাৰীৰ বাবে জামুগুৰিহাটৰ বালিজুৰি মঙলবৰীয়া নিবাসী দিলিৰাম শৰ্মা। যোৱা কেইদিনমানৰ আগত জ্বৰ চৰ্দি হৈ থকাত ক’ৰণা টেষ্ট কৰাত পজিটিভ বুলি ধৰা পৰে। তাৰপিছত দিলিৰামক লগে লগে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰিছিল যদিও আজি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫ বছৰ। জামুগুৰিহাটত বৰ্তমানলৈকে ক’ভিডত আক্ৰান্ত হৈ ৭ জন লোকৰ মৃত্যু হোৱাৰ তথ্য সদৰি কৰিছে স্বাস্থ্য বিভাগে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।