ৰাজ্যত ক’ৰণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ আছে সকলো মঠ-মন্দিৰৰ লগতে ধৰ্মীয় অনুষ্ঠানঃ অশ্বক্লান্ত দেৱালয়ৰ পুৰুহিতসকলক খাদ্য-সামগ্ৰী প্ৰদান সমাজসেৱক প্ৰদীপ হাজৰিকা আৰু সহযোগী দলৰ

 05/26/2021 - 15:25

 

উত্তৰ গুৱাহাটীঃ ৰাজ্যত ক’ৰনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বন্ধ আছে সকলো মঠ-মন্দিৰৰ লগতে ধৰ্মীয় অনুষ্ঠান। ৰাজ্যৰ মঠ মন্দিৰৰ পুৰুহিতসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে উত্তৰ গুৱাহাটীৰ ঐতিহাসিক মন্দিৰ সমুহৰ গেটত লগোৱা হৈছে তলা। যাৰ বাবে মন্দিৰৰ পূজাৰী সহায়িকাৰ অন্নমুঠিলৈ চিন্তনীয় হৈ পৰিছে। ৰাজ্যৰ এই দুৰ্দিনত অশ্বক্লান্ত দেৱালয়ৰ পুৰুহিতসকলৰ ওচৰত খাদ্যৰ টোপোলা লৈ উপস্থিত হ'ল সমাজসেৱক প্ৰদীপ হাজৰিকা আৰু সহযোগী দলে। অশ্বক্লান্ত দেৱালয়ৰ পুৰুহিতসকলৰ লগতে দেৱালয়খনত খাদ্যৰ টোপোলাৰ লগতে মাস্ক, চেনিটাইজাৰ যোগান ধৰি দেখুৱালে মহানুভৱতা। বুদ্ধ পুৰ্ণিমাৰ এই শুভ দিনৰ লগত সংগতি ৰাখি মন্দিৰ চৌহদত ৰোপণ কৰিলে নাৰিকলৰ পুলি।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।