নগাঁও জিলাৰ জুৰীয়া আৰক্ষীৰ অভিযানঃ ব্ৰাউন চুগাৰসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক

 05/31/2021 - 17:06

 

বটদ্ৰৱাঃ নগাঁও জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্রই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাত নিতৌ গ্ৰেপ্তাৰ হৈ আহিছে ন ন ব্যৱসায়ী। আজি নিশাৰ ভাগত জুৰীয়া আৰক্ষীয়ে এক অভিযান চলাই জামুগুৰি গাঁৱৰ পৰা বুজন পৰিমাণৰ ব্ৰাউন চুগাৰসহ হবিবুৰ ৰহমান নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। বিগত দীৰ্ঘদিন ধৰি ধৃত হবিবুৰ ৰহমানে নিষিদ্ধ ড্ৰাগছৰ বেহাৰ লগত জড়িত হৈ আছিল। জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়া আৰু দগাঁও আৰক্ষী পহৰা চকীৰ সহ উপ-পৰিদৰ্শক ফজৰ আলীৰ  নেতৃত্বত চলা এই অভিযানত জামুগুৰি গাঁৱৰ হবিবুৰ ৰহমানৰ গৃহৰ পৰা বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ, খালি কণ্টেইনাৰ লগতে AS 02D7365 নম্বৰৰ মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম জুৰীয়া আৰক্ষীয়ে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।