ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু যোৰহাটৰ যুৱ বিজ্ঞানী পংকজলোচন বৰাৰ

 06/01/2021 - 15:59

 

যোৰহাটঃ হেৰাই গ'ল ভৱিষ্যতৰ এজন বিজ্ঞানী (হ'বলগীয়া ড০) পংকজলোচন বৰা। জাৰ্মানী আৰু চেক ৰিপাব্লিকৰ দুটা প্ৰখ্যাত প্ৰতিষ্ঠানত যৌথভাৱে ৰসায়ন বিজ্ঞান বিভাগত পি-এইচ.ডিৰ বাবে গৱেষণা কৰি শেষ পৰ্যায়ত উপনীত হোৱা গৱেষকজনৰ প্ৰাণ কাঢ়ি নিলে ক'ভিড-১৯ অতিমাৰীয়ে| যোৰহাট পকামূৰা বৰ শইকীয়া গাঁও এইজন যুৱ বিজ্ঞানী দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়; জগন্নাথ বৰুৱা মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি বেঙ্গালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ চায়েন্সৰপৰা জাৰ্মানী আৰু চেক ৰিপাব্লিকৰ প্ৰখ্যাত প্ৰতিষ্ঠানত গৱেষণা কৰালৈকে সমগ্ৰ পৰিক্ৰমাত তেওঁ মেধা, বুদ্ধিমত্তা তথা বিচক্ষণতাৰ পৰিচয় দাঙি ধৰিছিল। কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত প'ষ্ট ডক্টৰেলৰ বাবে আগ্ৰহী গৱেষকজনে কেইবাটাও উচ্চমানৰ গৱেষণা প্ৰতিষ্ঠানৰ লগত ইতিমধ্যে যোগাযোগ অব্যাহত ৰাখিছিল। সম্প্ৰতি অষ্ট্ৰিয়াৰ ভিয়েনাত কৰ্মৰত গৱেষকজন কেইমাহমান পূৰ্বে পশ্চিম যোৰহাটৰ পকামূৰাৰ বৰশইকীয়া গাঁওস্থিত স্বগৃহলৈ আহিছিল। সাম্প্ৰতিক ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ জটিল পৰিস্থিতিৰ বাবে তেওঁ যথাসময়ত কৰ্মস্থলীলৈ ঘূৰি যাব নোৱাৰিছিল। এইবাৰ স্ব-গৃহৰপৰা উভতি গৈয়ে তেওঁ পি-এইচ.ডিৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ কথা আছিল। সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ পাছতে তেওঁ লাভ কৰিলেহেঁতেন সন্মানীয় ডক্টৰেট ডিগ্ৰী। এই গৰাকী যুৱ বিজ্ঞানীৰ ক’ৰণাত আক্ৰান্ত হৈ ৩১ মে তাৰিখে যোৰহাট মেডিকেল কলেজ হাস্পতালত মৃত্যু হয়| এনে মেধা সম্পন্ন যুৱকৰ মৃত্যুয়ে সমগ্ৰ দেশে ভৱিষ্যতৰ এজন মহান বিজ্ঞানীক হেৰুৱালে|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।