মৰিগাঁও জিলাৰ জালুগুটিৰ সৰুচকাবাহা অঞ্চলত ৰৌজি পুথিভঁৰালৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত চেনিটাইজেচন

 06/02/2021 - 17:27

 


মৰিগাঁওঃ সম্প্ৰতি কৰ'ণা মহামাৰীৰ দ্বিতীয় লহৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো এক আতংকময় পৰিৱেশ গঢ় দিছে। কৰ'ণা মহামাৰীৰ দ্বিতীয় লহৰে বিশেষভাৱে গ্ৰাম্যাঞ্চলত এক ব্যাপক ত্ৰাস সৃষ্টি কৰা পৰিলক্ষিত হৈছে। এই ত্ৰাসৰ পৰা নিজৰ লগতে অঞ্চলটোৰ ৰাইজক সুৰক্ষিত ৰাখিবলৈ বিভিন্ন দল-সংগঠনৰ লগতে আজি মৰিগাঁও জিলাৰ জালুগুটিৰ সৰুচকাবাহা ৰৌজি পুথিভঁৰালৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত সমগ্ৰ সৰুচকাবাহা অঞ্চলটো চেনিটাইজেচন কৰা হয়। এই চেনিটাইজচন কাৰ্য্যসূচীৰ জৰিয়তে পুথিভঁৰালৰ বিষয়ববীয়াসকলে ৰাইজক ঘৰতে থাকি নিজৰ লগতে দেশবাসীকো সুৰক্ষিত ৰাখিবলৈ আহ্বান জনাই।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।