মৈৰাবাৰীত চাৰিজন জুৱাৰী আৰু এজন তীৰৰ বুকিক গ্ৰেপ্তাৰ আৰক্ষীৰ

 06/04/2021 - 16:01

 

মৈৰাবাৰীঃ মৈৰাবাৰীত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা ড্ৰাগছ নিচাজাতীয় দ্ৰব্যকে ধৰি জুৱা মদ আৰু তীৰ খেলৰ বিৰুদ্ধে ইতিমধ্যে মৈৰাবাৰী আৰক্ষীয়ে অভিযান তীব্ৰ কৰি তুলিছে। আজি মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ নৱ নিযুক্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে অভিযান চলাই বৰথল দলৈগাঁৱৰ পৰা চাৰিজনকৈ জুৱাৰী আটক কৰাৰ লগতে ৰে’ল ষ্টেচনৰ পৰা এজন তীৰৰ বুকিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

দলৈগাও অঞ্চলটোত নৈম্য নৈমিত্তিক হৈ পৰা এই জুৱা খেলৰ জুৱাৰীসকলক গ্ৰেপ্তাৰ কৰাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। গ্ৰেপ্তাৰ কৰা এই জুৱাৰী কেইটা ক্ৰমে বাবুল ইছলাম, মকিবুল ইছলাম, আবুল কালাম, আৰু শ্বহিদুল ইছলাম। জুৱা খেলি থকাৰ অৱস্থাত আটক কৰা জুৱাৰী কেইজনৰ বিৰুদ্ধে মৈৰাবাৰী থানাত ২৩১/২০২১ নম্বৰত এটি গোচৰ ৰুজু হয় আৰু আৰক্ষীয়ে ধৃত জুৱাৰী কেইটাক মৰিগাঁও আদালতলৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে এই জুৱাৰী কেইটাৰ পৰা বহু কেইটা জুৱা সামগ্ৰীৰ লগতে পাঁচ হাজাৰ টকাও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।