বিধায়ক আব্দুল বাতিন খন্দকাৰৰ খহনীয়া অঞ্চল পৰিদৰ্শন

 06/04/2021 - 18:55

 

 

মাণিকপুৰঃ বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক আব্দুল বাতিন খন্দকাৰে খহনীয়া অঞ্চল পৰিদৰ্শন কৰে। প্ৰায় চাৰিদিন ধৰি আই নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ পিছত গোলাপাৰাত মানাহ নদীৰ খহনীয়াৰ দৃশ্য পৰিদৰ্শন কৰি আৱেগিক হৈ পৰে বিধায়কজনে। বিধায়কৰ সন্মুখত নদীৰ চপৰাচপৰে মাটি খহি বিভিন্ন খেতি বিলীন হৈ যোৱা দৃশ্যই মৰ্মাহত হয় বিধায়কক। নদীৰ পাৰৰ পৰা জলসম্পদ বিভাগৰ বিষয়াক ফোন কৰি শীঘ্ৰে কাম কৰাৰ নিৰ্দেশ দিয়ে। একেদৰে ঘোৰামাৰা, দলাগাছা, নাম্বাৰপাৰা, বাংলাপাৰাত শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হাতত লব বুলি কয়। এইবছৰ সামূহিকভাৱে প্ৰতিৰোধৰ ব্যৱস্থা হাতত লব যদিও অহা বছৰ বিজ্ঞানসন্মতভাৱে খহনীয়া প্ৰতিৰোধৰ কাম কৰাৰ আশ্বাস দিয়ে স্থানীয় লোকক। নৱনিৰ্বাচিত বিধায়কজনৰ তৎপৰতাৰ শলাগ লোৱাৰ লগতে বিধায়কজনক সমষ্টিটোৰ শ্ৰেষ্ঠ বিধায়ক আখ্যা দিয়ে একাংশলোকে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.