জামুগুৰিহাটৰ ২ নং বৰপথাৰ বৰাপুখুৰী আদিবাসী গাঁৱত কনটেইনমেণ্ট জ'ন ঘোষণাঃ ২৮ গৰাকী লোকৰ দেহত ক’ভিড-১৯ পজিটিভ

 06/05/2021 - 19:33

 

জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ অন্তৰ্গত ধলাইবিলৰ ২ নং বৰপথাৰ বৰাপুখুৰী আদিবাসী গাঁৱত ক’ভিড টেষ্ট কৰাত ২৮ জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাত কন্টেইনমেন জ'ন হিচাপে ঘোষণা কৰে। উক্ত কনটেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা এলেকাত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নিৰ্দেশ মৰ্মে দক্ষিণ মূঢ়াদল গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা ৰূপালী বৰা, ৱাৰ্ডৰ সদস্যা চন্দনা কলিতা হাজৰিকাৰ লগতে সমুহ কৰ্মকৰ্তাই খাদ্য-সামগ্ৰী বিতৰণ কৰে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।