কমাৰবন্ধাত অবৈধভাৱে মজুত কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ, পেট্ৰলিয়ামজাত সামগ্ৰী আৰু অবৈধ সুৰা জব্দ

 06/06/2021 - 15:56

 

গোলাঘাটঃ গোলাঘাট জিলা খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগ, আবকাৰী বিভাগ আৰু কমাৰবন্ধা আৰক্ষীৰ এটা যৌথ অভিযানত শনিবাৰে বৃহৎ পৰিমাণৰ পেট্ৰলিয়ামজাত সামগ্ৰী, অবৈধভাৱে মজুত কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু অবৈধ সুৰা জব্দ কৰা হয়। আজি দিনৰ প্ৰায় চাৰে ১১ বজাত কমাৰবন্ধাৰ ৰে’লগেট অঞ্চলত চলোৱা এই অভিযানত ১৫ টা ৰন্ধন গেছৰ চিলিণ্ডাৰ, ৪০০ লিটাৰ অবৈধ সুৰা আৰু পেট্ৰলিয়ামজাত সামগ্ৰী জব্দ কৰা হয়। আবকাৰী বিভাগে ঘটনাস্থলীতে অবৈধ সুৰাখিনি নষ্ট কৰে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।