উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কত কামৰূপ আৰক্ষীৰ অভিযানত কোটি কোটি টকাৰ অবৈধ চুপাৰী জব্দ

 06/08/2021 - 14:37

 


নিউজ ডেস্কঃ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসাধু ব্যৱসায়ী আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হবলৈ লৈছে আৰক্ষী। উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কত কামৰূপ আৰক্ষীৰ অভিযানত জব্দ কোটি কোটি টকাৰ অবৈধ চুপাৰী জব্দ। সাতটাকৈ গুডামত অবৈধ মজুত কৰিছিল বাৰ্মিছ চুপাৰী। কৰ ফাঁকিৰে কেইবা বছৰ জুৰি চলাই আহিছিল চুপাৰীৰ ৰমৰমীয়া বেহা।

জনৈক সুশীল ডাগা আৰু শুক্লা নামৰ দুই কলা ব্যৱসায়ীয়ে নথিপত্ৰ বিহীনভাবে চলাই আহিছিল চুপাৰীৰ কলা বেহা। কামৰূপ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদৰ অধীনত ব্ৰহ্মপুত্ৰ পাৰ্কত অভিযান চলাই চীল কৰে বৃহৎ বৃহৎ চুপাৰীৰ গুডাম। এতিয়ালৈ চুপাৰীৰ মূল্য নিদ্ধাৰণ কৰিব পৰা হোৱা নাই যদিও পঞ্চাচ কোটিৰ অধিক হব বুলি ধাৰণা কৰা হৈছে। লক্ষণীয়ভাৱে অভিযান কালত গুডামত কোনো এজন অসাধু ব্যৱসায়ীক গ্ৰেপ্তাৰ নকৰাৰ অন্তৰাল গভীৰ ৰহস্য ঘণীভুত হৈছে। প্ৰশ্ন হয় কৌটি কৌটি টকাৰ ৰাজহ ফাঁকীৰে উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকী আৰু কামৰূপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ গাতে কি দৰে সম্ভব চুপাৰীৰ কৌটি টকীয়া কলা বেহা ?

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।