নগাঁও জিলাৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তত পথ নিৰ্মাণত দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰঃ পথত ভূই ৰুই প্ৰতিবাদ

 06/09/2021 - 16:09

 

 

বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তত এমজিএনৰেগা আঁচনিৰ অধীনত নিৰ্মাণ কৰা পথত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপন কৰি বুধবাৰে স্থানীয় একাংশ ৰাইজে পথত ভূই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে।

অভিযোগ অনুসৰি ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰাশিদা খাতুনে ২০২০-২১ বৰ্ষৰ এমজিএনৰেগা আঁচনিৰ অধীনত ডুমডুমীয়া বালিসত্ৰ গড়কাপ্তানী পথৰ পৰা ৰামপুৰ সত্ৰ নুৰুল ইছলাম ঘৰলৈ যোৱা পথছোৱা নিৰ্মাণত দুৰ্নীতিৰ পশ্ৰয় লোৱা বাবেই আজি যাতায়তৰ ক্ষেত্ৰত গঞা ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হব লগা হৈছে।

জানিব পৰা মতে, ৰাইজে বহুবাৰ সভানেত্ৰী গৰাকীক দৃষ্টি গোচৰ কৰাৰ পিছতো বাৰিষাৰ এই সময়ত বিধ্বস্ত পথছোৱাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাত উপায়ন্তৰ হৈ ৰাইজে পথত ভূই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে। লগতে পথ নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতিৰ এক উচিত তদন্ত কৰিবলৈ সাংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাই।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।