দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ জোৰশিমুলী আৰক্ষী চকীৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ

 06/13/2021 - 12:27

 

দক্ষিণ কামৰূপঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ জোৰশিমুলী আৰক্ষী চকীৰ সমীপতে এগৰাকী অচিনাকি মহিলাৰ মৃতদেহ উদ্ধাৰ৷ গুমী-নগৰবেৰা ই এণ্ড ডি মথাউৰি সংযোগী সুতি এটাত পানীত ওপঙি থকা অৱস্থাত স্থানীয়লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো৷ লগে লগে স্থানীয় গাঁওবুঢ়াই জোৰশিমুলী আৰক্ষীক খবৰ দিয়ে৷ ঘটনাৰ খবৰ পাই জোৰশিমুলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো আৰক্ষী চকীলৈ লৈ আনে৷ হত্যা নে পানীত পৰি সলিল সমাধি সেইয়া মৰণোত্তৰ পৰীক্ষাৰ পিছতহে পোহৰলৈ আহিব৷ উদ্ধাৰকৃত মহিলা গৰাকী ক'ৰ পৰা কেনেকৈ জোৰশিমুলী লৈ আহিল সেইয়া স্থানীয় ৰাইজৰ বাবে এক ৰহস্যজনক বিষয় হৈ পৰিছে ৷ উদ্ধাৰকৃত মহিলা গৰাকী সম্প্ৰতি জোৰশিমুলী আৰক্ষী চকীত আছে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।