লংকাৰ ফুলতলিত চিকিৎসকক প্ৰহাৰৰ ঘটনাৰ মূল অভিযুক্ত ফৈয়জুৰ ৰহমানক আটক

 06/13/2021 - 19:08

 

হোজাইঃ লংকাৰ ফুলতলিত চিকিৎসকক প্ৰহাৰৰ ঘটনা। উক্ত ঘটনাত জৰিত মূল অভিযুক্ত ফৈয়জুৰ ৰহমানক যোৱা কালি নিলবাগানৰ পৰা আটক কৰে হোজাই আৰক্ষীয়ে। আটক কৰা পিছত আজি হাজিৰ কৰা হয় শংকৰদেৱ নগৰ আদালতত।

আদালতত হাজিৰ কৰা পিছত আৰক্ষীয়ে অধিক সোধপোছৰ বাবে পাঁচ দিনৰ বাবে আৰক্ষী জিম্মাত বিচাৰে। কিন্তু, অভিযুক্ত ফৈয়জুৰ ৰহমানক ২ দিনৰ বাবে আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, ভাইৰেল ভিডিঅ'ত  চিকিৎসকক চৰিয়াৰে আক্ৰমণ কৰা ব্যক্তিজন আছিল এই ফৈয়জুৰ। চৰিয়াৰে প্ৰহাৰ কৰা কথাও নিজ মুখে স্বীকাৰ ফৈয়জুৰৰ।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।