06/15/2021 - 11:49
in
কামপুৰঃ কামপুৰৰ কচুৱাৰ লংজাপ নাৰায়নপুৰত প্লাষ্টিক সদৃশ চাউল। জানিব পৰা গাঁওখনৰ এই পৰিয়ালটোয়ে মাধৱপুৰ সমবায়ৰ স্থানীয় এজেণ্ট জনৰ পৰা সংগ্ৰহ কৰিছিল চাউলখিনি।
কিন্তু ভাত ৰান্ধিব গৈ হতভম্ভ হৈ পৰে পৰিয়ালটোৱে। ভাত ৰন্ধাৰ পিছত ভাতে বিজলুৱা পদাৰ্থৰ আকৃতি লয়। ইয়াৰ পিছতে সমগ্ৰ ঘটনা সাংবাদিকৰ কাষ চাপি অৱগত কৰে। এতিয়া সকলোৰে এটাই প্ৰশ্ন উঠিছে ভাৰতীয় খাদ্য নিগমৰ যোগেৰে কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা চাউল খাদ্যৰ বাবে উপযোগী নে?