জুৰীয়াত সাংবাদিকক আক্ৰমণৰ ঘটনাক গৰিহনাঃ দোষীক কঠোৰ শাস্তিৰ দাবী ৰাইজৰ দলৰ

 06/15/2021 - 20:52

 

 

বটদ্ৰৱাঃ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা একাংশ সাংবাদিকক যোৱা কালি নগাঁও জিলাৰ জুৰীয়াৰ সমীপৰ বগৰিগুৰী গাঁও পঞ্চায়তৰ সভাপতি ৰিয়াজুল হক ওৰফে বাবুল আৰু তেওঁৰ ভেৰোনীয়া গুণ্ডা বাহিনীয়ে খেদি খেদি আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৰাইজৰ দলৰ নগাঁও জিলা সমিতিয়ে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ডা: ৰিয়াজ উদ্দিন আহমেদে উক্ত ঘটনাৰ লগত জড়িত দোষীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ লগতে সাংবাদিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।