কাকপথাৰ মৃদংপৰাত অসম বৈষ্ণৱ সভা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত গাঁৱৰ চহা কৃষকে খেতি আৰম্ভ কৰাৰ পূৰ্বে বিশ্ব শান্তিৰ বাবে ভাগৱত পাঠ

 06/15/2021 - 20:56

 

কাকপথাৰঃ এফালে বিশ্বত ক’ৰনা মহামাৰীৰ সংহাৰ আনহাতে বৃদ্ধি পাবলৈ ধৰিছে গড়াখহনীয়া, হত্যা হিংসা, অপায়-অমংগল৷ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ বিভিন্ন জিলাত ক’ভিড পৰিস্থিতিৰ বাবে অব্যাহত আছে চৰকাৰী নীতি-নিৰ্দেশনা৷ সমান্তৰালকৈ ৰাজ্যত আৰম্ভ হবলৈ ধৰিছে কৃষিৰ সময়৷ গাঁৱৰ চহা কৃষকসকলে আৰম্ভ কৰিছে পথাৰত কঠিয়া সিঁচিবলৈ৷

ইয়াৰ লগত সংগতি ৰাখি কাকপথাৰৰ মৃদংপৰা ৰতন পুৰীয়া নামঘৰত অসম বৈষ্ণৱ সভা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত ৰতন পুৰীয়া নামঘৰৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে ভাগৱত পাঠ৷ বিশ্বত ক’ৰনা মহামাৰী, গড়াখহনীয়া, হত্যা হিংসা , অপায় অমংগল নাশ হোৱাৰ লগতে বিশ্ব শান্তিৰ উদ্দেশ্যে ক’ভিড প্ৰটকল পালন কৰি সীমিত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত কৰে এই ভাগৱত পাঠৰ কাৰ্যসূচী৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।