ৰঙিয়াৰ এজন যুৱকে আৰ্থিক অনাটনত পৰি বিক্ৰী কৰিবলৈ ওলাইছে নিজৰ চকু

 06/19/2021 - 14:50

 


ৰঙিয়াঃ ৰঙিয়াৰ এজন যুৱক। তেওঁৰ বয়স মাত্ৰ ২০ বছৰ। আৰ্থিক অনাটনৰ বাবে যুৱকজনে কৰিব ওলাইছে এক কাণ্ড। যি কাণ্ডৰ বাবে সমগ্ৰ ৰঙিয়াতে কেইঘণ্টা মানৰ ভিতৰতে চৰ্চাৰ কাৰণ হৈ পৰিছে এইজন যুৱক। ৰঙিয়া চাৰি নং ওৱাৰ্ডৰ ৰাজীৱ মজুমদাৰ নামৰ যুৱকজনে অকল আৰ্থিক অনাটনৰ বাবে নিজৰ এটা চকু বিক্ৰী কৰিবলৈ সাজু হৈছে।

যুৱকজনে শনিবাৰে পুৱাৰ ভাগৰ পৰা ৰঙিয়া চহৰৰ প্ৰতিটো লাইটৰ পোষ্টত নিজৰ নাম আৰু ফোন নম্বৰ দি চকু বিক্ৰীৰ বাবে পোষ্টাৰ মৰা পৰিলক্ষিত হৈছে। সংবাদ মাধ্যমৰ ফালৰ পৰা সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে তেওঁ বাৰুকৈ আৰ্থিক নাটনিত ভুগিব লগা হৈছে।

ৰঙিয়াত এখন দোকান দিয়াৰ বাবে দোকানৰ মালিকক ঘৰৰ বাবে আগধন হিচাপে দিব লাগে ৫০ হাজাৰ। যোৱা দুদিন ধৰি এই ৫০ হেজাৰ যোগাৰ কৰিব পৰা নাই। কেইবাজনো বন্ধুক সহায় কৰাৰ বাবে অনুৰোধ কৰিলো যদিও কোনেও সহায় নকৰিলে।

উপায়হীন হৈ মোৰ দেহৰ অংগ বিক্ৰী কৰি মই মোৰ সংস্থাপন লোৱাৰ চিন্তা কৰিছো। সেইবাবে আজি মই ৰঙিয়া চহৰত এনেদৰে পোষ্টাৰিং কৰি মোৰ চকু বিক্ৰী কৰিম বুলি সকলোকে অৱগত কৰিছো বুলি ৰাজীৱ মুজুমদাৰ নামৰ যুৱকজনে উল্লেখ কৰে। উক্ত যুৱকজনে কান্দি কান্দি তেওঁৰ হাতত থকা মোবাইল ফোনটো ভাঙি পেলাই৷ শেষত ৰঙিয়া আৰক্ষীৰ SB শাখাৰ এজন বিষয়াই ঘটনাস্থলীত যুৱকজনক পোষ্টাৰ লগোৱা দেখা পাই ৰঙিয়া থানালৈ লৈ যায়৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।