ধীৰেৰচৰ-তাৰাঙাপুৰ পঞ্চায়তত ৰাইজৰ উত্তাল প্ৰতিবাদ

 06/20/2021 - 19:56

 


চাপৰঃ চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ অন্তৰ্গত ধীৰেৰচৰ-তাৰাঙাপুৰ গাঁও পঞ্চায়তত যোৱাকালি জনপ্রিয় শিক্ষক তায়েব আলী সৰকাৰক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ বিৰুদ্ধে আজি দুই শতাধিক ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পঞ্চায়ত বিৰোধী হুচিয়াৰ, ৰাজনৈতিক ষড়যন্ত্র বন্ধ কৰক, শিক্ষক তায়েব আলী সৰকাৰক জনমানসত হেয় প্ৰতিপন্ন কৰা নচলিব, মিছা ষড়যন্ত্রকাৰীৰ বিচাৰ হ’ব লাগিব আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰা দেখা যায়।

উল্লেখ্য যে শিক্ষক তায়েব আলী সৰকাৰ এজন জনপ্রিয় শিক্ষক আৰু তেখেতে সমাজৰ বাল্যবিবাহ আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সঘনাই মাত মাতি থকাৰ বাবেই তেখেতৰ বিৰুদ্ধে এচামে ৰাজনৈতিক উদ্দেশ্য প্ৰনোদিতভাবে এনে অপপ্রচাৰ কৰা বুলি প্ৰতিবাদকাৰীয়ে সাংবাদিকক জানিবলৈ দি আৰু কয় যে শিক্ষকজন কোনো দিনেই পঞ্চায়তৰ কাম কাজত হস্তক্ষেপ কৰা নাই আৰু PMAY ৰ গৃহ লাভ কৰা হিতাধিকাৰীৰ লগত যোগাযোগ কৰা নাই বৰং মানুহক সদায় সৎ পৰামৰ্শ হে প্ৰদান কৰি আহিছে শিক্ষক জনে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।