সোণাৰি সমষ্টিৰ সোণাৰি সেউজীয়া পাম বেঙেনাবাৰী পঞ্চায়তত বাঢ়নীপানীঃ ৰাইজৰ হাহাকাৰ

 06/23/2021 - 18:23

 


চৰাইদেউঃ অতিমাৰীৰে সমগ্ৰ জনজীৱন স্তব্ধ কৰি মানৱ সমাজলৈ এক অনাকাংক্ষিত সংকটে জুৰুলা কৰা সময়তে যোৱা নিশা দিয়া  নেৰানেপেৰা বৰষুণৰ ফলত চৰাইদেউ জিলাৰ সোণাৰি সেউজীয়াপাম বেঙেনাবাৰী পঞ্চায়তৰ অসম নগালেণ্ড সীমান্তৱৰ্ত্তী লুখুৰাখন, কানুগাঁও, শিঙিবিল, টকলীমৰা, বাঁহবাৰী, দৈচলং আদিত বাঢ়নীপানীয়ে জনজীৱন ব্যাহত কৰি তুলিছে।

জিলাখনৰ টীয়ক, বালিজান, দেওডুবি, জলহু, কোহাজান আদি উপনৈসমুহৰ পানী ফেনেফুটুকাৰে বাঢ়ি অহা ফলত লুখুৰাখনৰ পথৰ লগতে টীয়ক নৈ আৰু বালিজান বাঢ়নী পানীয়ে পথৰ ওপৰে পানী বৈ যোৱা লগতে কানুগাঁও আৰু লুখুৰাখনৰ কেইবাটাও ঘৰত পানী সোমাই জনজীৱন ব্যাহত কৰা উপৰিও কানুভোগবাৰী মধ্য ইংৰাজী বিদ্যালয় পানীৰে জলমগ্ন কৰি তুলিছে।

এতিয়া খেতিৰ সময়ত খেতিয়কে মূৰে কপালে হাত দি চিন্তাত পৰিছে। কেনেকৈ বছৰৰ ধান মুঠি গোটাবলৈ সক্ষম হব। পৰা কঠিয়া পানীৰ তলত। অনুৰূপ ধৰণে দেওডুবি আৰু কোহাজানৰ বাঢ়নীপানীয়ে টকলীমৰা আৰু দৈচলংতো জনজীৱন ব্যাহত কৰে। উক্ত পানীৰ ফলত সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত বেঙেনাবাৰী গাঁও পঞ্চায়তৰ টকলিমৰা আৰু দৈচলং দেউডুবি নদীৰ বাঢ়নীপানীয়ে বানপানীৰ দৰে ভয়াবহতাৰ সৃষ্টি কৰিছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।