কাকপথাৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় সমীপত পথ নিৰ্মাণৰ দাবীত ভূঁই ৰুই প্ৰতিবাদ মহিলাৰ

 07/01/2021 - 17:21

 

কাকপথাৰঃ ক’ৰণা আতংকৰ মাজতে ৰাজ্যৰ চহা কৃষকৰ এতিয়া পথাৰত ভূঁই ৰোৱাৰ বতৰ৷ গাঁৱৰ মহিলাসকলে বছৰ জুৰি নিজৰ লগতে ৰাইজক এসাঁজ খোৱাবৰ বাবে পথাৰত নামি পৰে ভূঁই ৰুই খেতি কৰিবলৈ৷ ইয়াৰ বিপৰীতে কাকপথাৰত দেখিবলৈ পোৱা গল এক বিপৰীত দৃশ্য৷

পথ নিৰ্মাণৰ দাবীত ব্যতিক্ৰমী ধৰনেৰে এখন গাঁৱৰ মূল পথটোত কঠিয়া ৰুই প্ৰতিবাদ কৰিছে স্থানীয় মহিলা আৰু ৰাইজে৷ কাকপথাৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সমীপতে ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত, কুমচাং গাঁও পঞ্চায়ত অধীনৰ ১ নং চেলেংগুৰি বাসী স্থানীয় ৰাইজ আৰু মহিলাই দীৰ্ঘদিনে পথ নিৰ্মাণৰ নামত প্ৰতাৰিত হৈ অহাৰ অভিযোগত সাব্যস্ত কৰে এই ব্যতিক্ৰমী প্ৰতিবাদ৷

জানিব পৰা মতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ১ নং চেলেংগুৰি প্ৰাথমিক বিদ্যালয় সন্মুখেদি পঞ্চজ্যোতি সত্ৰলৈ প্ৰায় ২.৫ কিলোমিটাৰ পথ নিৰ্মাণৰ আঁচনিৰ নামত বহুবাৰ অনুমোদন জনাইছিল যদিও আজিকোপতি জ্বলা কলা খাই আহিছে স্থানীয় ৰাইজ৷

তাৎপৰ্যপূৰ্ণ বিষয় যে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী, কাকপথাৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ পৰা মাথো ৫০০ মিটাৰ দূৰত্বৰ এই পথটো নিৰ্মাণ অথবা মেৰামতিৰ নামত দীৰ্ঘদিনৰ পৰা আজিলৈকে ৩/৪ বাৰ উদ্বোধন কৰিছে৷

কিন্তু বিভিন্ন অজুহাতেৰে কুমচাং গাঁও পঞ্চায়ত, কাকপথাৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ে আজিলৈকে নিৰ্মাণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে৷ অৱশেষত উপায়হীন হৈ ভূঁই ৰুই প্ৰতিবাদ কৰিবলৈ ওলাই আহিল অঞ্চলটোৰ মহিলা, স্থানীয় ৰাইজ৷

নৱ নিৰ্বাচিত বিজেপি বিধায়ক ৰূপেশ গোৱালাক দাবী জনাইছে শীঘ্ৰেই উক্ত পথটো নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ৷ যি সময়ত দেশৰ লগতে ৰাজ্যত পথ নিৰ্মাণত চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে তাৰ বিপৰীতে এইদৰে খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় সমীপতে মহিলাই পথ নিৰ্মাণৰ দাবীত ভূঁই ৰুই প্ৰতিবাদ কৰাতো এক লক্ষ্যণীয় বিষয়৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।