বিশ্বনাথৰ পৰা গুৱাহাটীলৈ ৫০ লাখ টকাৰ চাহপাত কঢ়িয়াই অনা ট্ৰাক ৰহস্যজনকভাৱে সন্ধানহীন

 07/02/2021 - 14:07

 


বিহালীঃ হেলেম চাহ-বাগিচাৰ ৩ টন আৰু মোনাবাৰী চাহ-বাগিচাৰ ১৫ টন মিলাই মুঠ ১৮ টন চাহপাত লৈ বিশ্বনাথৰ পৰা গুৱাহাটী লৈ যোৱা এখন বাৰচকীয়া পাঞ্জাব বডি ট্ৰাক ৰহস্যজনকভাৱে সন্ধানহীন হোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰায় ৫০ লাখ টকাৰ চাহপাত লৈ উধাও হোৱা গাড়ীখনৰ চালকজন কোকৰাঝাৰৰ চানোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে।

যি ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বনাথ জিলাত। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ২৭ জুনত ইষ্টাৰ্ন ৰোড কেৰিয়াৰৰ এজেণ্ট ৰামবাবুক লখিমপুৰৰ আলী নামৰ এজন দালালে গুৱাহাটীলৈ সামগ্ৰী পঠিয়াবলৈ এ এচ ০১ ডি ডি ১৬৩৭ নম্বৰৰ ১২ চকাৰ পাঞ্জাৱ বডি ট্ৰাক খন যোগান ধৰে। সেই অনুসৰি যোৱা ২৭ জুনত হেলেম টি ইষ্টেটৰ ৩ টন আৰু ২৮ জুনত মোনাবাৰী টি ইষ্টেটৰ পৰা ১৫ টন চাহপাত ভৰ্তি কৰাই ২৮ জুনত গুৱাহাটী লৈ পঠিয়াবৰ বাবে বিশ্বনাথৰ বাঘমাৰীত থকা হিন্দুস্তান পেট্ৰ'লিয়াম তেল ডিপুত তেল ভৰাবলৈ আহে।

ডিপুটোতে এজেণ্ট গৰাকীয়ে গাড়ীখনৰ কাগজ পাতি পৰীক্ষা কৰি লোড কৰা সামগ্ৰীৰ চালান বনাই লগতে ১৫ হাজাৰ টকা আগধন দি গাড়ীখন গুৱাহাটীলৈ পঠিয়াই দিয়ে। সেই সময়তে ডিপুৰ চি চি টি ভি কেমেৰাত বন্দী হয় ট্ৰাক খন আৰু চালকজন। কিন্তু ২৯ জুনত গাড়ীখন গন্তব্য স্থান নোপোৱাত হাহাকাৰ লাগে। লগে লগে চালক জনলৈ এজেণ্ট ৰাম বাবুয়ে ফোন কৰে যদিও মোবাইলৰ চুইছ অফ থাকে চালকজনৰ।

ইয়াৰ পিছতে এজেণ্ট গৰাকীয়ে জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত চালক আৰু গাড়ীখনৰ নথি পৰীক্ষা কৰি জানিব পাৰে যে গাড়ীখনৰ নথি পত্ৰ সম্পূৰ্ণ ভুৱা আৰু সেই একে নম্বৰৰ বেলেগ এখন গাড়ীও আছে। এনে স্থলত সমগ্র ঘটনাটো অধিক ৰহস্যময় হৈ পৰিছে। ইতিমধ্যে ইষ্টাৰ্ণ ৰোড কেৰিয়াৰ প্ৰাইভেট লিমিটেড নামৰ ট্ৰেন্সপোৰ্ট কোম্পানীৰ এজেন্টজনে জিনজিয়া থানাত দাখিল কৰা এজাহাৰ ভিত্তিত যোৱা ৩০ জুনত ৯৮/২০২১ গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো সন্ধান উলিয়াব পৰা নাই বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।