ধিঙৰ শালকাটিত ড্ৰাগছসহ দুজনক আটক

 07/02/2021 - 16:20

 

 

বটদ্ৰৱাঃ সমগ্ৰ ৰাজ্যতে বৰ্তমান চলিছে ড্ৰাগছ বিৰোধী অভিযান। তাৰ সমান্তৰালকৈ নগাঁৱতো অব্যাহত আছে তীব্ৰৰ অভিযান। প্ৰশাসনৰ এই ড্ৰাগছ বিৰোধী অভিযানত ৰাইজেও জনাইছে বিপুল সঁহাৰি। যোৱা নিশাৰ ভাগত নগাঁও জিলাৰ আহোমগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়ে ধীৰেন বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটিয়ে দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন ছালকাটি পথাৰৰ বাবুল হুছেইন আৰু বৰভেটি ৰিজাৰ্ভৰ ইছলাম উদ্দিন বুলি জানিব পৰা গৈছে। পূৰ্বতে কেইবাটাও অপৰাধৰ লগত জড়িত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে নগদ ৫,৬৮০ টকা আৰু ২৯ টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ আৰু এখন মটৰ চাইকেল আৰু দুটাকৈ মবাইল হেণ্ডছেট জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ দলটোৱে এক গোপন সূত্ৰৰ পমখেদি ছালকাটি পথাৰৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক কৰে বুলি জানিব পৰা গৈছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।