বৰপেটাৰ ৩ নং কল'নীত পহুমাৰা নৈৰ সুঁতিৰ বাঢ়নি পানীয়ে উটুৱাই নিলে পথৰ ওপৰৰ কালভাৰ্টঃ যাতায়াতৰ সমস্যাত কেইবাখনো গাঁৱৰ লোক

 07/02/2021 - 16:38

 


পূৱ বৰপেটাঃ বিগত কেবাদিন ধৰি হৈ থকা প্ৰবল বৃষ্টিপাতৰ ফলত বৰপেটা জিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ, বেকী, পহুমাৰা, কালদিয়া আদি নৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পাইছে৷ জিলাখনত নৈ সমূহৰ জলপৃষ্ঠ বিপদ সীমা পাৰ হোৱা নাই যদিও পহুমাৰা আৰু কালদিয়া নদীৰ জলপৃষ্ঠ ব্যাপকভাৱে বৃদ্ধি পাইছে৷ ইপিনে পহুমাৰা নৈৰ বাঢ়নি পানীয়ে আজি পুৱতি নিশা বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বৰপেটা-ভৱানীপুৰ পথৰ ৩ নং কল'নীত এটা পথৰ ওপৰত থকা কালভাৰ্ট উটুৱাই নিয়ে৷ নিশাৰ ভাগত হোৱা বৃষ্টিপাতৰ ফলত উফন্দি উঠা নৈৰ পানী বাগৰি গৈ পথটোৰ ওপৰত থকা কালভাৰ্টটো উটুৱাই নিয়ে৷

ইয়াৰ ফলত সৰুক্ষেত্ৰী সমষ্টিৰ ঠেকা কল'নী অঞ্চলৰ পাকা বেতবাৰী পাম, পানীমৰিচা পথাৰ, মৰিচা পথাৰ, চকীৰ ভিঠা আদিকে ধৰি প্ৰায় দহখনতকৈয়ো অধিক গাৱৰ লোকে যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে৷ ইপিনে পহুমাৰা নৈৰ বাঢ়নি পানীয়ে সম্প্ৰতি বৰপেটা-কয়াকুছি-ভৱানীপুৰ সংযোগী মুল পথটোৰ প্ৰতিও ভাবুকি কঢ়িয়াইছে৷ গাঁওবাসীৰ অভিযোগ পথটোৰ ওপৰত দলং অথবা বক্স কালভাৰ্ট নিৰ্মাণ কৰাৰ সলনি হিউম পাইপ বহুওৱাৰ ফলতে পহুমাৰা নৈৰ সুঁতিৰ অতিৰিক্ত পানীভাগ ওলাই যাব নোৱাৰি প্ৰতি বছৰে পথটো উটুৱাই নিয়ে৷ স্থানীয় ৰাইজে পথটোৰ ওপৰত এখন দলং নিৰ্মাণৰ দাবী জনাইছে৷

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।