বৰপেটাৰ খৰুৱাপাৰাত মাটি খান্দোতে প্ৰায় ৩০ ফুট তলৰ পৰা উদ্ধাৰ অচিন জীৱ-জন্তুৰ হাড়, ভগ্নাৱশেষ, মাটিৰ পাত্ৰঃ পুৰাতত্ব বিভাগক পৰীক্ষাৰ দাবী স্থানীয় ৰাইজৰ

 07/02/2021 - 16:46

 


বৰপেটাঃ বৰপেটা জিলাৰ ভেল্লাৰ সমীপৰ খৰুৱাপাৰা গাঁৱত মাটি খান্দোতে প্ৰায় ৩০ ফুট তলৰ পৰা উদ্ধাৰ হৈছে অচিন জীৱ-জন্তুৰ হাড়, ভগ্নাৱশেষ, মাটিৰ পাত্ৰ। ইয়াকলৈ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। উল্লেখ্য যে, ভেল্লা-খৰুৱাপাৰা সংযোগী দলঙৰ গাতে লাগি থকা এটা পৰিয়ালত পানীৰ মাজৰ পৰা বোৰিং পদ্ধতিৰে বালি-মাটি খান্দি থাকোতে মেচিনৰ পাইপত কিছুমান অচিন জীৱ-জন্তুৰ হাড়-ভগ্নাৱশেষ, মাটিৰ পাত্ৰ লাগি ধৰে।

পিছত তাত কৰ্মৰত শ্ৰমিকে সেইসমূহ হাড়-ভগ্নাৱশেষ, মাটিৰ পাত্ৰ উদ্ধাৰ কৰে। উদ্ধাৰকৃত হাড়, পাত্ৰ কিছু পৰিমাণে গধুৰ আৰু শক্তিশালী। সামগ্ৰীসমূহ প্ৰত্যক্ষ কৰাৰ বাবে অঞ্চলটোৰ লোকৰ মাজত উৎসুকতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সামগ্ৰী সমূহ কেইবাশ বছৰ পুৰণি বুলি ধাৰণা কৰা হৈছে। স্থানীয় ৰাইজৰ মাজত হাড় সমূহকলৈ উদ্দিগ্নতা বৃদ্ধি পাইছে। প্ৰকৃততে এইসমূহ হাড় কি জীৱ-জন্তুৰ? যাৰবাবে পুৰাতত্ব বিভাগৰ দ্বাৰা পৰীক্ষা-নিৰীক্ষা কৰাৰ বাবে অঞ্চলটোৰ ৰাইজে দাবী জনাইছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।