ৰঙিয়া চাৰ্চ পাব্লিক স্কুলত নৱ ডেকা নামৰ কম্পিউটাৰৰ শিক্ষক গৰাকীৰ ৰহস্যজনক আত্মহত্যা

 07/03/2021 - 14:43

 

ৰঙিয়াঃ ৰঙিয়া চাৰ্চ পাব্লিক স্কুলত সংঘটিত হৈছে এক ৰহস্যজনক আত্মহত্যা। নৱ ডেকা(৩০) নামৰ কম্পিউটাৰৰ শিক্ষক গৰাকীৰ আত্মহত্যা। ৰাতিপুৱা ঘৰৰ পৰা স্কুলত আহিছিল তেওঁ। প্ৰায় ৭-৭.৩০ বজাৰ ভিতৰত ঘটনাতো সংঘটিত হোৱা বুলি জনায় প্ৰত্যক্ষদৰ্শীয়ে। খুব ভদ্ৰ আৰু নম্ৰ স্বভাৱৰ আছিল নৱ ডেকা। তেওঁৰ ঘৰ বাইহাতা চাৰিআলিৰ ওচৰৰ বেজেৰাত। স্বৰ্গীয় বিপিন চন্দ্ৰ ডেকা আৰু মাতৃ বিনা ডেকাৰ একমাত্ৰ পুত্ৰ আছিল নৱ ডেকা। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।