গাড়ীৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত চাৰিজনক আটক ৰঙিয়া আৰক্ষীৰ

 07/03/2021 - 17:04

 

ৰঙিয়াঃ গাড়ী ভাড়াত লৈ বিক্ৰী কৰা ঘটনাৰ লগত জড়িত চাৰিজন যুৱকক ৰঙিয়া আৰক্ষীয়ে যোৱানিশা বাইহাটা চাৰিআলিৰ পৰা আটক কৰে। ঘটনাৰ বিষয়ে জানিব পৰা মতে বাক্সা জিলাৰ মাদৈকাটাৰ মোস্তাফা আহমেদ নামৰ যুৱক এজনৰ AS 25 CC 7481 নম্বৰৰ বলেৰ' পিকআপ ভান এখন যোৱা ২৫ মে'ত গুৱাহাটী উজান বজাৰৰ সঞ্জীৱ সিং নামৰ ব্যক্তি এজনক ভাড়ালৈ দিছিল।

মাহেকত ২৪ হাজাৰকৈ গাড়ীৰ গৰাকীক আদায় দিয়াৰ বন্দবস্ত কৰি লিখিত চুক্তিৰে গাড়ীখন গতাই দিয়ে মোস্তাফা নামৰ যুৱকজনে। এমাহ উকলি যোৱাত ভাড়া বিচাৰি গাড়ীৰ গৰাকীয়ে ফোন কৰাত সঞ্জীৱ সিঙয়ে জানিবলৈ দিয়ে যে গাড়ীখন মৰাণৰ বিকাশ গগৈ নামৰ যুৱক এজনক দিয়া হৈছে। গাড়ীখনৰ গৰাকী মোস্তাফাই সঞ্জীৱ সিঙৰ পৰা ফোন নম্বৰ লৈ বিকাশ গগৈৰ লগত যোগাযোগ কৰাত বিকাশ গগৈয়ে কয় যে গাড়ীখন নাগালেণ্ডৰ এটা চিমেন্ট ফেক্টৰীত আছে। যদি ২০ হেজাৰ টকা গাড়ীৰ গৰাকীয়ে দিয়ে তেতিয়া হ'লে গাড়ীখন নাগালেণ্ডৰ পৰা আনিব পৰা যাব বুলি অৱগত কৰে।

সেইমতে যোৱা কালি গাড়ীৰ গৰাকীয়ে ২০ হাজাৰ টকা দিম বুলি কয়। সেইমতে ২০ হাজাৰ টকা নিবৰ বাবে বিকাশ গগৈয়ে বাইহাটা চাৰিআলিলৈ আন তিনিজন যুৱকক লগত লৈ আহে। এন এফ ৰে'লৱে স্তিকাৰ লগাই ৰখা AS 02 AA 1047 নম্বৰৰ বলেৰ' এখন লৈ চাৰিজন যুৱক বাইহাটা চাৰিআলি পোৱা মাত্ৰকে আৰক্ষীয়ে কৰায়ত্ব কৰে। নিশাৰ ভাগত আৰক্ষীয়ে যুৱক কেইজনক ৰঙিয়া আৰক্ষী থানালৈ আনে।

ধৃত বিকাশ গগৈৰ লগতে আৰক্ষীয়ে আটক কৰা অৰূপ শৰ্মা, জিন্টু আহমেদ আৰু ৰাজীৱ কুমাৰক আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে। গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে ঘটনাৰ মাষ্টাৰ মাইণ্ড সঞ্জীৱ সিঙয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গাড়ী সমূহ মাহেকত চুক্তিত লয়। লিখিতভাবে চুক্তি কৰি গাড়ী সমূহ মৰাণৰ বিকাশ গগৈ নামৰ যুৱক জনক গতাই দিয়ে। সেইমতে বিকাশ গগৈয়ে গাড়ী সমূহ মণিপুৰ নাগালেণ্ড আদিত বিক্ৰী কৰে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।