বটদ্ৰৱাৰ লালুং গাঁৱৰ এগৰাকী বৃদ্ধা হোজাই জিলাত সন্ধানহীন

 07/03/2021 - 18:40

 


বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত লালুং গাঁৱৰ এগৰাকী বৃদ্ধা হোজাই জিলাত সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, দুদিন পূৰ্বে লালুং গাঁৱৰ প্ৰয়াত আয়ুব আলীৰ পত্নী হাজেৰা খাতুন(৬০) নিজ পুত্ৰৰ সৈতে হোজাইলৈ গৈছিল।

মানসিকভাৱে কিছু অসুস্থ হাজেৰা খাতুন হোজাইত পুত্ৰৰ লগৰ পৰা বিছিন্ন হৈ পৰাৰ পিছৰেপৰা সন্ধানহীন হৈ আছে। অতি দৰিদ্ৰ পৰিয়ালৰ মহিলা গৰাকীক পৰিয়ালৰ লোকে  আত্মীয় তথা বহু ঠাইত বিচাৰ-খোচাৰ কৰিও আজিলৈকে কোনো সন্ধান পোৱা নাই। মহিলা গৰাকীৰ কিবা শুংসুত্ৰ পালে বটদ্ৰৱা আৰক্ষী থানা অথবা 7086909980 নম্বৰত যোগাযোগ কৰিবলৈ  পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।