দক্ষিণ শালমাৰাত জালনোটসহ এজনক গ্ৰেপ্তাৰ

 07/04/2021 - 18:29

 

দক্ষিণ শালমাৰাঃ আজি দুপৰীয়া ১বজাত পাটাকাটা সাপ্তাহিক বজাৰত ভিডিপি আৰু দক্ষিণ শালমাৰা থানা আৰক্ষীৰ যুটিয়া অভিযানত জাল নোটসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে গ্ৰেপ্তাৰ কৰা যুৱকজন মসলাবাৰি চৰৰ জামাল উদ্দিনৰ পুতেক আজিবৰ ৰহমান(২০) বুলি জানিব পৰা যায়৷ উক্ত যুৱকজনৰ পৰা ৫০০০ (পাঁচ হাজাৰ) টকা জব্দ কৰে৷ বৰ্তমান যুৱকজনক দক্ষিণ শালমাৰা থানাত সোধ-পোচ অব্যাহত আছে বুলি আৰক্ষী সুত্ৰে জানিব দিয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।