চতিয়াত হৃদয় বিদাৰক ঘটনাঃ পুখুৰীত পৰি সলিল সমাধি দুই কিশোৰৰ

 07/08/2021 - 14:29

 

 জামুগুৰিহাটঃ চতিয়াত বুধবাৰে বিয়লি ভাগত সংঘটিত এক হৃদয় বিদাৰক ঘটনাই সমগ্ৰ অঞ্চল জুৰি শোকৰ ছাঁ পেলাইছে৷ প্ৰাপ্ত খৱৰ অনুসৰি চতিয়াৰ পটিয়া গাঁৱৰ দুই কিশোৰ ক্ৰমে প্ৰবাল বৰা আৰু সুমন বৰাৰ পুখুৰীত নামি গা ধুবলৈ ধৰোতে সলিল সমাধি ঘটে৷

গাঁওখনৰ দুই কিশোৰে পথাৰত কঠিয়া তুলি ঘৰলৈ ওভটাৰ সময়ত পথাৰৰ মাজৰ এটা পুখুৰীত গা ধুবলৈ নামোতে ঘটনাটো সংঘটিত হয়৷ দশম শ্ৰেণীত অধ্যয়নৰত দুই কিশোৰ পথাৰৰ পৰা বহু দেৰিলৈ ঘৰলৈ উভটি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে৷ বিচাৰ খোচাৰ কৰাৰ সময়ত পথাৰৰ মাজৰ পুখুৰীটোত গাঁৱৰ লোকে দুই কিশোৰক মৃত অৱস্থাত উদ্ধাৰ কৰে৷ অতি হৃদয় বিদাৰক ঘটনাটোৱে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।