07/08/2021 - 17:30
in

মাৰ্ঘেৰিটাঃ বিদ্ৰোহী সংগঠন MNLF ৰ চাৰিজন সদস্য লেখাপানী আৰক্ষীৰ জিম্মাত। সদস্য কেইজন ক্ৰমে মণ্টু মৰাণ ওৰফে ৰক্তিম অসম, প্ৰমোদ চুতীয়া, অবিনাশ চেতিয়া আৰু মধু মৰাণ। ৰক্তিম অসম পূৰ্বতে আলফা স্বাধীনৰ সদস্য আছিল যদিও পৰৱৰ্তী সময়ত নতুনকৈ গঠন হোৱা বিদ্ৰোহী সংগঠন MNLF ৰ নেতৃত্ব বহন কৰিছিল।
MNLFৰ মুঠ ৫ জন সদস্য আছিল বুলি ৰক্তিম অসমে স্বীকাৰ কৰাৰ লগতে তেওঁলোকে ভাৰতৰ স্বাৰ্থত এই সংগঠন জন্ম দিছিল বুলি মত ব্যক্ত কৰাৰ লগতে তেওঁলোকে কৰায়ত্ত হোৱাত এই সংগঠনৰ যৱনিকা পৰে বুলিও উল্লেখ কৰে। পৰবৰ্তী সময়ত লেখাপানী আৰক্ষীয়ে সদস্য কেইজনক মাৰ্ঘেৰিটা মহকুমা ন্যায়িক দণ্ডাধীশৰ আগত হাজিৰ কৰোৱাৰ উদ্দেশ্যে ৰাওনা হয়।