হোজাই জিলাৰ লংকাৰ পৌৰসভা কাৰ্যালয়ত যোৱাকালি উত্তপ্ত পৰিস্থিতি

 07/10/2021 - 11:42

 

লংকাঃ লংকাৰ বিভিন্ন পথ নিৰ্মাণৰ নিবিদা গ্ৰহণ প্ৰক্ৰিয়া মাজতে বিজেপিৰ দুই ফৈদৰ মাজত মাৰপিট। নিবিদা গ্ৰহণ কৰিবলৈ পৌৰসভাত নাছিল এজনো কৰ্মচাৰী। লংকা বিজেপিৰ কৰ্মীয়ে নিজ ইচ্ছামতে নিবিদা বাকচত জমা কৰিছিল নথি। এক ফৈদে আনটো ফৈদক নিবিদা  জমা দিয়াত বাধা প্ৰদান কৰাক লৈ মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। হাৰধন মজুমদাৰ নামৰ লোক এজনৰ হাতৰ পৰা সম্পূৰ্ণ নথি কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।