লংকা আৰু ১ নং পিপলপুখুৰী ৯ নং ৱাৰ্ড সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থাঃ শতাধিক পুৰুষ-মহিলাৰ প্ৰতিবাদ

 07/10/2021 - 15:52

 

 

লংকাঃ ৰাজ্যত নেৰানেপেৰা বৰষুণ। আৰু এই বৰষুণে কৰবাত যদি সৃষ্টি কৰিছে কৃত্ৰিম বানৰ আৰু কৰবাত সৃষ্টি কৰিছে একাঠু বোকা। পথ নে পথাৰ ধৰিব নোৱাৰি। লামডিং সমষ্টিৰ অন্তগত লংকা আৰু এক নং পিপল পুখুৰী ৯ নং ৱাৰ্ড সংযোগী পথৰ।

লামডিং সমষ্টিৰ বিধায়ক শিবু মুশ্ৰ দুবাৰ কৈ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছতো কেৱল নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা কৰিব অহাৰ বাহিৰে এই অঞ্চলটোৰ উণ্ণতিৰ বাবে কোনো পদক্ষেপ গ্ৰহন নকৰাৰ অভিযোগ উক্ত অঞ্চলবাসী ৰাইজৰ। অৱশেষত আজি উপায়ন্তৰ হৈ সমগ্ৰ অঞ্চলবাসী ৰাইজ উলায় আহিল ৰাজপথত। ৰাজপথত ভূঁই ৰুই প্ৰতিবাদ অঞ্চলবাসী ৰাইজৰ।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।