বাটমাৰীত বৃহৎ পৰিমাণৰ চুলাই মদসহ এজন ব্যৱসায়ীক আটক

 07/11/2021 - 17:26

 

বটদ্ৰৱাঃ নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰীত আজি স্থানীয় আমছু কৰ্মীয়ে ৰাইজৰ সহযোগত বৃহৎ পৰিমাণৰ চুলাই মদসহ এজন ব্যৱসায়ীক হাতে-লোটে ধৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, ইন্নছ আলী নামৰ লোকজনে ৰামপুৰ পাম-বাটমাৰী সংযোগী পথৰে আহি থকা অৱস্থাত স্থানীয় আমছু কৰ্মীৰ মাজত উক্ত লোকজনৰ প্ৰতি সন্দেহ ওপজে। লগে লগে আমছু কৰ্মীসকলে তালাচী চলোৱাত লোকজনে বিক্ৰীৰ বাবে লৈ অনা বৃহৎ পৰিমাণৰ চুলাই মদ জব্দ কৰি পৰবৰ্তী সময়ত দগাঁও আৰক্ষীক চমজাই দিয়ে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।