জামুগুৰি স্বাস্থ্যকেন্দ্ৰৰ এম্বুলেঞ্চৰ সহকৰ্মী নৱজ্যোতি ভূঞাই দাঙি ধৰিছে মানৱতাৰ এক সুন্দৰ নিদৰ্শনঃ ৮৫ বছৰীয়া ক’ৰণাত আক্ৰান্ত বৃদ্ধক কোলাত তুলি সেৱা প্ৰদান

 07/11/2021 - 19:04


       


জামুগুৰিহাটঃ সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰতো ক’ৰণা আক্ৰান্ত ক্ৰমাৎ বৃদ্ধি পোৱাত বৰ্তমান চৰকাৰে এসপ্তাহলৈ লকডাউন ঘোষণা কৰে । জামুগুৰিহাটত লকডাউনৰ সময়চোৱাত চিকিৎসাকৰ্মীসকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ক’ৰণা মহামাৰী ৰোগত আক্ৰান্ত লোকক প্ৰতিদিনেই সেৱা সুশ্ৰুষা কৰি অহা দেখা গৈছে। তাৰেই এক উৎকৃষ্ট প্ৰমাণ দাঙি ধৰি শোণিতপুৰ জিলাৰ জামুগুৰি পৰিপুৰক স্বাস্থ্যকেন্দ্ৰৰ ১০৮ এম্বুলেঞ্চৰ সহকৰ্মী তথা পাতালৰচুক গাঁও নিবাসী নৱজ্যোতি ভূঞাই মানৱতাৰ এক সুন্দৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হ'ল।

শনিবাৰৰ দিনা নিশা জামুগুৰিহাটৰ সঙ্গীয়া মাজৰ চুক গাঁৱৰ ৮৫ বছৰীয়া কৰোণাত আক্ৰান্ত হোৱা কলিয়া কলিতা নামৰ বৃদ্ধ লোকজনক জামুগুৰি স্বাস্থ্যকেন্দ্ৰৰ ১০৮ এম্বুলেঞ্চৰ সহকৰ্মী নৱজ্যোতি ভূঞাঁই নিজৰ জীৱনৰ কথা নাভাবি নিজেই কোলাত তুলি আনি এক মানৱ সেৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হয়। কভিড মহামাৰীৰ গণ সংক্ৰমন বৃদ্ধি হোৱাৰ সময়ত ৰাইজে চিকিৎসাকৰ্মী সকলক কৰণা ৰোগীসকলক ভালদৰে সেৱা প্ৰদান নকৰাৰ যি অভিযোগ উত্থাপন কৰি অহাৰ মাজতে যুৱক নৱজ্যোতিয়ে এনে অভিযোগ সমুহৰ গুৰুত্ব নিদিয়াকৈ তেওঁৰ নিজৰ মানৱ সেৱাৰ প্ৰকৃত ধৰ্ম প্ৰতিদিনেই পালন কৰি আহিছে।

উত্তৰ জামুগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডা° ৰূপক বৰুৱাই নৱজ্যোতি ভূঞাৰ মহানুভৱতাৰ বাবে শলাগ লোৱাৰ লগতে এক মন্তৱ্যৰ জৰিয়তে চৰকাৰে ঘোষণা কৰা কভিডৰ নিয়মসমূহ সকলোকে মানি চলিবলৈকো বিনম্ৰ অনুৰোধ জনায়। যুৱকজনৰ এনে যোগাত্মক চিন্তাধাৰা ও কৰ্মক লৈ এতিয়া জামুগুৰিহাটৰ শৈক্ষিক মহলে ভূয়সী প্ৰশংসা কৰাৰ লগতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।