অবৈধ মদৰ বেহাৰ বাবেই গ্ৰামাঞ্চলত ক’ভিডৰ গণ সংক্ৰমণ, ব্যক্ত কৰিলে যোৰহাটৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে

 07/12/2021 - 12:25

 

 


টীয়কঃ অবৈধ মদৰ বেহাৰ বাবেই গ্ৰামাঞ্চলত ক’ভিডৰ গণসংক্ৰমন, এই কথা স্বীকাৰ কৰিলে যোৰহাটৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে। উল্লেখ্য যে জিলাখনৰ ভগামুখ আৰক্ষী থানাৰ অন্তৰ্গত চিন্তামণিগড় অঞ্চললৈ শনিবাৰে অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ এটা দলে পৰিস্থিতি বুজ লোৱাৰ পিছতে দেওবাৰে উপায়ুক্ত অশোক বৰ্মন আৰু আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ নেতৃত্বত এটি বিশাল আৰক্ষীয়ে চিন্তামণিগড় পৰিদৰ্শন কৰে।

জিলাখনৰ ভিতৰতে টীয়কৰ ভিতৰুৱা অঞ্চল চিন্তামণিগড়ৰ এখন গাঁৱতেই সৰ্বাধিক সংক্ৰমণ হৈছে৷ যোৰহাট জিলা উপাযুক্ত আৰু আৰক্ষী অধীক্ষক গৰাকী টীয়কৰ বিভিন্ন স্থানত উপস্থিত হৈ ড্ৰোণ কেমেৰাৰ জৰিয়তে কন্টেইনমেন জন’ৰ ভিতৰচৰা পৰ্যবেক্ষণ কৰে আৰু ৰাইজৰ লগত মতবিনিময় কৰে৷ বিশেষকৈ চুলাই মদৰ পৰা ক’ভিডৰ গণসক্ৰমণৰ কথাও ব্যক্ত কৰাৰ লগতে অতিশীঘ্ৰে চুলাই মদৰ ঘাটিসমূহ উচ্ছেদ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰশাসনিক বিষয়া দুগৰাকীয়ে।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।