বিশ্বনাথত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ ফুট মাৰ্চ

 07/13/2021 - 13:47

 

বিহালীঃ ৰাজ্যত দৈনিক বৃদ্ধি পোৱা ক’ভিড আক্ৰান্ত সংখ্যাই অভিলেখ সৃষ্টি কৰিছে৷ বিশেষকৈ সাতখন জিলাত এই প্ৰভাৱ বেছিকৈ পৰিছে আৰু বলৱৎ কৰা হৈছে কঠোৰ নীতি-নিৰ্দেশনা৷ ইয়াৰ পাছতো একাংশ অসচেতন লোকৰ বাবে আজি বিশ্বনাথ জিলাত প্ৰশাসনে কঠোৰ পদক্ষেপ লোৱা দেখা পোৱা গ'ল। আজিৰ পৰা সমগ্ৰ বিশ্বনাথত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে ফুট মাৰ্চ কৰিছে৷

এই সময়চোৱাত ঔষধ, দুগ্ধজাত সামগ্ৰীৰ বাহিৰে সকলো গেলামাল দোকান সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে বিশ্বনাথ চাৰিআলি, গহপুৰ আৰু চতিয়াৰ নগৰ এলেকাত থকা৷ অৱশ্যে, প্ৰয়োজন সাপেক্ষে হোম ডেলিভাৰীৰ ব্যৱস্থাও কৰা হৈছে৷ ইয়াৰ লগতে বেংক সমূহ পুৱা ৯ বজাৰ পৰা ১২ বজালৈকে খোলা থাকিব। জিলা প্ৰশাসনে জাৰি কৰা এক জাননী যোগে এই নিৰ্দেশাৱলী অৱগত কৰিছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত এই নিৰ্দেশাৱলী বাহাল থাকিব বুলিও জিলা প্ৰশাসনে জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।