কমাৰখাটোৱাল তিনিআলিত ভুৱা সাংবাদিকক লৈ উত্তপ্ত পৰিস্থিতিঃ ৰাইজে কৰায়ত্ব কৰি চমজালে লাহদৈগড় আৰক্ষীক

 07/16/2021 - 12:54

 

টীয়কঃ যোৰহাটত চলি আছে ২৪ ঘণ্টাই সান্ধ্য আইন৷ তাৰে মাজতে বহু অজুহাত বহুজনৰে৷ ভুৱাকৈ প্ৰেছ লিখি সাংবাদিকৰ ৰূপ লৈ তিঘিলঘিলাই ফুৰা আৰক্ষীৰ জালত পৰিল এইজন যুৱক নাম তন্ময় বৰা৷

স্থানীয় ৰাইজে সান্ধ্য আইনৰ সময়ত তহল দি ফুৰা এইজন যুৱকৰ সৈতে বাহনক আটক কৰি খবৰ দিয়ে লাহদৈগড় আৰক্ষীক আৰু আৰক্ষীয়ে ততাতৈয়াকৈ উপস্থিত হৈ আটক কৰি থানালৈ আনে এই যুৱকজনক। উল্লেখনীয় যে যুৱকজন আটক হোৱা খবৰ পাই থানালৈ অহা পিতৃৰ গাড়ীতো সম্বলিত হৈ আছে প্ৰেছৰ স্টিকাৰ৷

অৱশ্যে পিতৃয়ে সমগ্ৰ ঘটনাটো নাকচ কৰি কয় যে গাড়ীখন তেওঁ বেলেগৰ পৰাহে ক্ৰয় কৰা তাতেই সম্বলিত আছিল এনে ধৰণৰ স্টিকাৰ। দেশৰ এই জটিল ক্ষণত এনেধৰণৰ ভুৱা ষ্টিকাৰ লগাই প্ৰশাসনক বিপথে পৰিচালিত কৰা এইসকলৰ ব্যৱস্থা কোনে কৰিব৷ সাংবাদিকৰ নামত গাড়ীত প্ৰেছ লিখি কোনো এক দুষ্কাৰ্য সংঘটিত কৰিলে জগৰীয়া কোন হব৷
 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।