বৰপেটা জিলাৰ সৰ্ববৃহৎ ঈদগাহ মৈদানত নিমাওমাও পৰিৱেশ, নাই কোনো উৎসাহ-উদ্দীপনা, নাই কোনো প্ৰস্তুতি

 07/17/2021 - 14:03

 

দৌলাসালঃ বৰপেটা জিলাৰ সৰ্ববৃহৎ ঈদগাহ মৈদানত নিমাওমাও পৰিৱেশ| নাই কোনো উৎসাহ-উদ্দীপনা, নাই কোনো প্ৰস্তুতি| যোৱা বছৰৰ দৰে এই বেলিও ঈদগাহত সমূহীয়া নামাজ বাতিলৰ দিহা কৰিছে ঈদগাহ মৈদান পৰিচালনা সমিতিয়ে| কৰ'ণা মহামাৰী ও চৰকাৰী sopৰ প্ৰতি লক্ষ্য ৰাখিয়েই গ্ৰহণ কৰা হৈছে সমূহীয়া নামাজ বাতিলৰ সিদ্ধান্ত| ঈদগাহৰ পৰিচালনা সমিতিৰ সভাপতি ফিদ্দুছ আলি আহমেদে সমূহ ইছলামধৰ্মী ৰাইজক ঘৰতে নামাজ আদায় কৰিবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰে বান্ধি দিয়া নিৰ্দেশ-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায়|

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।