লিডুত হাতে-লোটে কৰায়ত্ব দুই গভাইত চোৰক

 07/17/2021 - 18:23

 

মাৰ্ঘেৰিটাঃ লিডুত হাতে-লোটে কৰায়ত্ব দুই গভাইত চোৰক। ৰাইজে ধৰি উত্তম-মধ্যম দি ৰাইজে গতালে পুলিচক। ১০ টা মোবাইল ফোন আৰু, নগত ধন আৰু চুৰি কাৰ্যৰ সৈতে জড়িত বহু সামগ্ৰী উদ্ধাৰ দুই চোৰৰ পৰা। ৰাইজৰ ওচৰত ড্ৰাগছ আসক্ত দুই চোৰে স্বীকাৰ কৰি চুৰি কাৰ্যৰ সংঘটিত কৰাৰ কথা। চোৰ দুজন লিডুৰ ঝৰ্ণা বস্তিৰ নিবাসী বুলি জানিব পৰা যায়। আজি পুৱতি নিশা চুৰি কৰি থাকোতে কৰায়ত্ব হ’ল আজিজ হক আকু চনু আহমেদ নামৰ দুই গভাইত চোৰ। যোৱা দীৰ্ঘসময় ধৰি এই দুই চোৰে সন্ত্ৰাস চলাই আহিছিল সমগ্ৰ অঞ্চলটোৰ বিভিন্ন প্ৰান্ত জুৰি। পূৰ্বতেও তেওঁলোকে চুৰি কাৰ্যৰ বাবে ৰঙা ঘৰৰ আলহি হ’বলগীয়া হৈছিল।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।