চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ জন্মদিন উপলক্ষে "ৰক্তদাতা" স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ৰক্তদান শিবিৰ অনুষ্ঠিত

 07/18/2021 - 13:39

 


জামুগুৰিহাটঃ ৰক্তদান মহান দান। এই লক্ষ্য আগত ৰাখি কৰ’ণা মহামাৰীৰ ভয়াবহতাৰ মাজতো আজি চতিয়া ৰত্ন তথা চতিয়া সমষ্টিৰ জনপ্ৰিয় বিধায়ক পদ্ম হাজৰিকাৰ জন্মদিনৰ দিনাই "ৰক্তদাতা" স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয় ৰক্তভঁৰালৰ সহযোগত পুৱা ৯ বজাৰ পৰা ৰক্ত দান শিবিৰ অনুষ্ঠিত কৰে। উক্ত শিবিৰ শুভাৰম্ভ কৰে "ৰক্তদাতা" স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিষ্ঠাপক পবন কুমাৰ নাথ আৰু সদস্যা পুষ্পাঞ্জলী তালুকডাৰে।

ৰক্তদান শিবিৰত প্ৰায় কুৰিতকৈ অধিক লোকে ৰক্তদান কৰা পৰিলক্ষিত হয়। এই মহান অনুষ্ঠানৰ জৰিয়তে "ৰক্তদাতা" স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিষ্ঠাপক পবন কুমাৰ নাথে মন্তৱ্যত কয় যে, ৰক্তদানৰ দৰে এই মহান কামবোৰ প্ৰতিটো সংগঠনে লোৱা উচিত আৰু অনাগত দিনত ৰক্তদাতা স্বেচ্ছাসেৱী সংগঠনে বানপিড়িত লোকসকলক খাদ্য-সামগ্ৰী দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে। তেওঁলোকৰ এনে মহান পদক্ষেপৰ বাবে শৈক্ষিক মহলৰ লগতে চিকিৎসককৰ্মীসকলেও ভূয়সী প্ৰশংসা কৰে।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।