ৰঙিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

 07/18/2021 - 14:02

 

ৰঙিয়াঃ মাৰুটি চুইফট গাড়ী আৰু টেম্পোৰ মাজত সংঘটিত হৈছে দুৰ্ঘটনা। 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মৰাণজানাত সংঘটিত এই দুৰ্ঘটনা। টেম্পো চালক চামচুল হক(32) গুৰুতৰভাবে আঘাতপ্ৰাপ্ত, লগতে তেওঁৰ ভায়েক গফৰুল আলি(7)। আঘাতপ্ৰাপ্ত গোটেই কেইজনকে ৰঙিয়াৰ স্বস্তি হাস্পতালত ভৰ্তি কৰোৱা হয়। চামচুল হকক সংকটজনক অৱস্থাত ICU ত ভৰ্তি কৰা হৈছে ।

নলবাৰী দিশৰ পৰা গুৱাহাটী ফালে আহি আছিল চুইফট বাহনখন আনহাতে কেন্দুকণা ফালৰ পৰা ৰঙিয়া অভিমুখে আহি আছিল টেম্পোখন । প্ৰত্যক্ষদর্শীৰ ভাষ্য অনুসৰি চুইফ‍ট‌্ বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ মাজত থকা দিভাইডাৰত খুন্দা লাগি বিপৰীত দিশে গুচি যায় আৰু টেম্পো খনত খুন্দা মাৰে।

চুইফট‌্ গাড়ীখনত অমূল্য কুমাৰ দাস(61), চিৰঞ্জীত ছাঁহা(30), অমিত কুমাৰ দাস(35) আছিল, তেওঁলোক অভয়াপুৰীৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল। তেওঁলোক কোনো ধৰণৰ হতাহতি হোৱা নাই। উক্ত ব্যক্তি তিনিজনৰ ঘৰ অভয়াপুৰীৰ ৩ নং ৱাৰ্ডৰ লাচিত নগৰত৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।