চমুখা আঞ্চলিক মাদ্ৰাছা হাইস্কুলৰ শিক্ষক-কৰ্মচাৰীৰ প্ৰসংশনীয় পদক্ষেপঃ ক’ভিড প্ৰটকলৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে বিলালে মধ্যাহ্ন ভোজনৰ সামগ্ৰীৰ লগতে প্ৰথম মূল্যায়ন পৰীক্ষাৰ প্ৰশ্ন কাকত

 07/18/2021 - 15:55

 

বাহাৰঘাটঃ ৰঙিয়া মহকুমাৰ দক্ষিণ দিশৰ এখন শিক্ষানুষ্ঠান৷ নাম চমুখা আঞ্চলিক মাদ্ৰাছা হাইস্কুল৷ বৰ্তমান ক’ভিড প্ৰটকলৰ বাবে ৰাজ্যৰ অন্যান্য শিক্ষানুষ্ঠানৰ লগতে উক্ত বিদ্যালয়ৰো পাঠদান বন্ধ আছে৷ বন্ধ হৈ পৰিছে মধ্যাহ্ন ভোজন৷ কিন্তু উক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষক মদন কলিতাই তেওঁৰ সহকৰ্মী শিক্ষক কৰ্মচাৰীক লগত লৈ এখন গাড়ীৰে ছাত্ৰ-ছাত্ৰীসকলৰ ঘৰে-ঘৰে মধ্যাহ্ন ভোজনৰ সামগ্ৰীসমূহ বিতৰণ কৰি শিক্ষকতাৰ মানবীয় গুণ স্পষ্ট কৰি তুলিছে৷

বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে কয় যে আজি ষষ্ঠমানৰ পৰা অষ্টমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত উক্ত সামগ্ৰী বিতৰণ কৰাৰ লগতে তেওঁলোকৰ প্ৰথম মূল্যায়ন পৰীক্ষাৰ হাতে লিখা প্ৰশ্ন কাকতো বিতৰণ কৰে৷ উল্লেখিত প্ৰশ্ন কাকতখনৰ উত্তৰ সমূহ ঘৰতে লিখি দুই আগষ্টৰ ভিতৰত শিক্ষাৰ্থীসকলৰ অভিভাৱকে বিদ্যালয়ত জমা দিব লাগিব৷ বিদ্যালয় কৰ্তৃপক্ষৰ উক্ত কাৰ্য্যৰ সকলো ৰাইজে শলাগ লৈছে৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।