ক’ভিড প্ৰটকল ভংগ কৰি ঈদৰ বজাৰ উপলক্ষে ধিং বজাৰত বৃহৎ জনসমাগমঃ দোকানে-দোকানে আৰক্ষীৰ সতৰ্কীকৰণ

 07/18/2021 - 16:20

 


বটদ্ৰৱাঃ নগাঁও জিলাত ক’ভিড সংক্ৰমণ হ্ৰাস পোৱা নাই যদিও এতিয়াও একাংশ লোকৰ মাজত অহা নাই চেতনা। নাই মাস্ক, নাই সামাজিক দূৰত্ব। তেনে এক দৃশ্য আজি দেখা গল, ধিং বজাৰত। ঈদৰ বজাৰ উপলক্ষে ধিং বজাৰত আজি দেখা গৈছে প্ৰচণ্ড ভিৰ। কি গ্ৰাহক, কি বিক্ৰেতা, সজাগ নহয় কোনো। বিশেষকৈ বজাৰ খনৰ কাপোৰৰ মহলত দেখা গ’ল প্ৰচণ্ড ভিৰ। ধিং আৰক্ষী প্ৰশাসনে বাৰে বাৰে গ্ৰাহক আৰু ব্যৱসায়ীক ক’ভিড প্ৰটকল মানিবলৈ আহ্বান জনাইছে যদিও একাংশই অমান্য কৰা পৰিলক্ষিত হৈছে।  

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।