কামপুৰৰ কচুৱাৰ তিনি পঞ্চায়তত মাস্ক, চেনিটাইজাৰ বিতৰণ ৰহা সমষ্টিৰ বিধায়কৰ

 07/18/2021 - 17:20

 

 

কামপুৰঃ কামপুৰৰ কচুৱাত মূল্যবৃদ্ধি আৰু ভেকচিন সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য ৰহা সমষ্টিৰ বিধায়ক শশী কান্তু দাসৰ। উল্লেখ্য যে দেশত ভয়াবহ ৰূপ লোৱা কৰ’না মহামাৰীৰ ফলত মানব জীৱনলৈ ভয়াবহ সময় নমাই অনা সময়তে মূল্যবৃদ্ধিয়েও কোঙা কৰিছে জনসাধাৰনক। এনে সময়ত প্ৰদেশ কংগ্ৰেছে ব্যাপক তৎপৰতা লোৱাৰ সময়ত ৰহাৰ আজি ৰহাৰ বিধায়কজনে তাৎপয্যপূৰ্ণ কৰে। তেওঁ ৰহা সমষ্টিত কৰ’না ভেকচিন প্ৰদান কৰাৰ বাবে পদক্ষেপ হাতত লোৱা হব বুলি কয়।

ইফালে বিধায়কজনে কামপুৰৰ কচুৱা অঞ্চলৰ তিনি পঞ্চায়তত মাস্ক চেনিটাইজ বিতৰন কৰে ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাসে। উল্লেখ্য যে ক’ভিড সৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি পঞ্চদশ বিত্তীয় আয়োগৰ ধনৰে কচুৱা অঞ্চলৰ গেৰজাইপাম; কচুৱা আৰু চানখোলা পঞ্চায়তৰ দুই সহস্ৰাধিক লোকৰ মাজত মাস্ক চেনিটাইজ বিতৰণ কৰে বিধায়ক জনে।

বিধায়কজনৰ লগত উপস্থিত থাকে কঠিয়াতলী ব্লক কংগ্ৰেছৰ সভাপতি বেনু আহমেদ; ৰহা সমষ্টি ব্লক যুৱ কংগ্ৰেছৰ সভাপতি ক্ষিৰোধ লস্কৰ; এপিচিচিৰ সদস্য আব্দুল কালাম আজাদ; কঠিয়াতলী ব্লক কংগ্ৰেছ সম্পাদক মতিউৰ ৰহমান; ৰহা ব্লক যুৱ কংগ্ৰেছৰ শ্বহিদূল ইছলাম ; চুখেমাই বড়ো; দিগন্তু পাটৰৰ লগতে তিনিওখন পঞ্চায়তৰ পঞ্চায়ত প্ৰতিনিধিসকল।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।