গোৱালপাৰাৰ শিমলীতোলাত চুলাইৰ বিৰুদ্ধে ব্যাপক অভিযান আৰক্ষীৰ

 07/18/2021 - 19:24

 

নগৰবেৰাঃ গোৱালপাৰাৰ শিমলীতোলাত আৰক্ষীৰ চুলাইৰ বিৰুদ্ধে ব্যাপক অভিযান। গাঁৱে-গাঁৱে ঘূৰি উৎখাত কৰিলে কেবাটাও চুলাইৰ ঘাটি। শিমলীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহনৰ নেতৃত্বত চলিছিল এই চুলাই ধ্বংস অভিযান।

অঞ্চলটোৰ ক্ৰমে-চেগুনবাৰী, নেপালীপাৰা আদি গাঁৱত সোমাই আৰক্ষীয়ে বুজন পৰিমানৰ বিক্ৰীৰ বাবে মজুত কৰা চুলাইৰ পেকেট আৰু চুলাই প্ৰস্তুতৰ বাবে ব্যৱহৃত পচা চাউল, বাখৰ আদি জব্দ কৰি সকলো নষ্ট কৰাৰ উপৰি ব্যৱহৃত বাচন-বৰ্তনো জব্দ কৰে। আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহনৰ মতে অঞ্চলটোক সম্পূৰ্ণ চুলাই মুক্ত কৰাৰ সংকল্পেৰে আগলৈও অব্যাহত থাকিব আৰক্ষীৰ এনে অভিযান।

 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।